Show/Hide Keyboard Layout

এটোপি চকুলো

- বিষ্ণুপ্ৰসাদ ৰাভা

এটোপি চকুলো মোৰ যে কেৱল

সেয়ে মোৰ তাজমহল

প্ৰণয়ৰে ভৰা, বেদনাৰে গঁথা

শান্‌ত চিৰ উজ্বল

বিৰহ নৈৰ পাৰতে

প্ৰেম শালিলে বুকুতে

গঢ়িলোঁ যতনে চকুপানী সানি

স্নিগ্ধ স্মৃতিৰ দেউল ।

 

বাদচাহৰ যে এজনীহে তাজ

মোৰ যে প্ৰিয়াত শত মমতাজ

আছিল যে তাই ফুল পাৰিজাত

হৃদয়ৰ শতদল ।

 

কবি যদি হয় চাহ-চাজাহান

ময়ো যে কবি দীন সু-মহান

শিলৰ কবিতা নহয় মোৰ দান

এটুপি লোহে কেৱল

সেয়ে মোৰ তাজমহল ।।

Hits: 4879